চাবুৱাঃ ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ বিদ্যালয়ৰ প্ৰতিচ্ছবি খনৰ নতুন কৈ কোৱাৰ প্ৰয়োজন নাই৷ এটুপি বিশুদ্ধ খোৱাপানী, প্ৰস্ৰাৱগাৰৰ অভাৱত হাহাকাৰ কৰিব লগা হয়৷ শ্ৰেণী কোঠাৰ অভাৱত ৰাজ্যৰ শ শ ছাত্ৰ-ছাত্ৰীয়ে বহু কষ্টৰে পাঠদান কৰিব লগা হয়৷
তাৰ মাজতে পোহৰলৈ আহিছে শিক্ষকক অভিযন্তাই ধন দাবী কৰাৰ ঘটনা৷ অভিযন্তা গৰাকীক উৎকোচ নিদিয়াৰ বাবে বিদ্যালয়খনৰ শ্ৰেণী কোঠা নিৰ্মণ আধৰুৱা হৈ থাকে৷ ডিব্ৰুগড় জিলাৰ চাবুৱাত সংঘটিত হৈছে এই ঘটনা৷ ডিব্ৰুগড় জিলাৰ পানীতোলা উন্নয়ণ খণ্ডৰ নাদুৱা হাতীগাধৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী বাঢ়ি অহাত অতিৰিক্ত শ্ৰেণীকোঠাৰ প্ৰয়োজন হয়৷