Home ৰাজ্যলাফিকুল হত্যাকাণ্ডঃ ১৩ সংগঠনৰ প্ৰতিবাদত উত্তাল কোকৰাঝাৰ

লাফিকুল হত্যাকাণ্ডঃ ১৩ সংগঠনৰ প্ৰতিবাদত উত্তাল কোকৰাঝাৰ

by News Desk
44 views
A+A-
Reset

কোকৰাঝাৰঃ দিন-দুপৰতে কোকৰাঝাৰৰ তিতাগুৰিত অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে গুলীয়াই নিহত কৰা লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডই ১৮ দিন অতিক্ৰম কৰিলে যদিও আজিলৈকে কৰায়ত্ব নহ’ল হত্যাকাৰী। চাঞ্চল্যকৰ উক্ত হত্যাকাণ্ডৰ পিছত ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদৰ ঢৌ উঠিছিল আৰু লাফিকুল হত্যাকাণ্ডৰ সতে জড়িত দুৰ্ষ্কৃতিকাৰীক কৰায়ত্ব কৰিবলৈ এবিএমছু , আছু, এবছু, আক্ৰাছু, আমছুকে ধৰি তেৰটা সংগঠনে ১৫ আগষ্ট অন্তিম সময়সীমা হিচাপে নিৰ্ধাৰণ কৰি দিছিল। অন্যথা ১৮ আগষ্টৰ পৰা কোকৰাাঝাৰৰ পৰাই ব্যাপক গণ আন্দোলনৰ গঢ়ি তোলা হ’ব বুলি হুমকি দিছিল।

ৰাজ্যৰ তেৰটাকৈ সংগঠনৰ দাবীৰ প্ৰতি চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত অৱশেষত আজি পূৰ্বঘোষিত কাৰ্যসূচী অনুসৰি এবিএমছুৰ উদ্যোগত বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰা হয়। লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক অতি শীঘ্ৰে কৰায়ত্ব কৰা, লাফিকুল হত্যাকাণ্ডৰ গোচৰ শীঘ্ৰে চিবিআইলৈ হস্তান্তৰ কৰা, তদন্তৰ অগ্ৰগতি ৰাজহুৱা কৰা আদিকে ধৰি কেবাটাও দাবীৰ সমৰ্থনত আজি এবিএমছুৰ উদ্যোগত আৰু আছু ,এবছু , আক্ৰাছু, আমছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি কেবাটাও জাতীয় সংগঠনৰ সহযোগত কোকৰাঝাৰৰ ৰাসমেলা পথাৰৰ পৰা বাহিৰ হোৱা বিশাল প্ৰতিবাদী সমদলটোত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ ফেষ্টুন লৈ অসম চৰকাৰ হায় হায়, অসম আৰক্ষী হায় হায়, এচপিক নিলম্বন কৰক, সৰ্বানন্দ সোণোৱাল হায় হায় আদি ইত্যাদি শ্লোগানেৰে সদৰ চহৰৰ পৰিৱেশ উত্তাল কৰি তোলে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0