গৰৈমাৰীঃ দক্ষিণ কামৰূপৰ গৰৈমাৰী টপাৰ পথাৰ বজাৰ সমিতিৰ সভাক লৈ শীতল যুদ্ধ চলি থকাৰ মাজতে আজি বজাৰ সমিতিৰ এখন সভা অনুষ্ঠিত হয়৷ সভাত প্ৰাক্তন মন্ত্ৰী ডাঃ কমলা কলিতাৰ উপস্থিত থাকে৷ সভা চলি থকাৰ মাজতে পক্ষীয় ভাবে সভা অনুষ্ঠিত কৰা বুলি ক্ষোভিত হৈ পৰে একাংশ ব্যৱসায়ী। আনহাতে উক্ত বজাৰ খনৰ আন এটা ফালে অন্য এটা ফৌদে সভা অনুষ্ঠিত কৰে।
একাংশ লোকে বজাৰ সমিতিৰ সভাখনক অগপই ৰাজনৈতিক সভালৈ ৰূপান্তৰিত কৰা বুলি অভিযোগ কৰে৷ বজাৰ সমিতি খন বাহিৰৰ লোক তথা অগপ দলৰ কৰ্মীৰ দ্বাৰা খন গঠন কৰা বুলিও অভিযোগ কৰে একাংশ লোকে। ডাঃ কমলা কলিতাই বজাৰ সমিতিখন গঠনৰ ক্ষেত্ৰত এক পক্ষীয় নীতি অবলম্বন কৰাৰো অভিযোগ উঠে।