বিহালীঃ মৰ্ণিং ক্লাব’ৰ উদ্যোগত আৰু কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেছনৰ সহযোগত বিহালীৰ বেদেতীত ২৬ আগষ্টত জুবিন গাৰ্গ শিল্পী একাদশ বনাম মৰ্নিং ক্লাব একাদশৰ মাজত হ’বলগীয়া প্ৰীতি ফুটবল খেলখন ৰাজ্যৰ শেহতীয়া ভয়াবহ বানপৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যুৱ প্ৰজন্মৰ হাৰ্টথব শিল্পী জুবিন গাৰ্গৰ সিদ্ধান্ত মৰ্মে কিছু দিনলৈ পিছুৱাই দিয়ে৷
অসমৰ বানপৰিস্থিতি স্বাভাৱিক হ’লে পুনৰ খেলখনৰ তাৰিখ নিৰ্ধাৰণ কৰা হ’ব৷ লগতে আয়োজক সমিতি মৰ্নিং ক্লাৱে ক্ৰীড়া প্ৰেমী ৰাইজৰ জ্ঞাৰ্তাথে খেলৰ দিন-তাৰিখ আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিব।