জাজৰিঃ প্ৰাক্তন আলফা নেতাক ২২ আগষ্টত নগাঁৱত ব্যৱসায়ীয়ে আক্ৰমন কৰাক লৈ এতিয়া সমগ্ৰ ৰাজ্য জুৰি প্ৰতিবাদৰ জাৱাৰ উঠিছে৷ চিলাপথাৰ কাণ্ডৰ পুনৰাবৃত্তি বুলি অভিহিত কৰি বাংলাভাষীয়ে খিলঞ্জীয়াৰ ওপৰত কৰা অত্যাচাৰৰ তীব্ৰ প্ৰতিবাদ জনাই ৰাজ্যৰ বিভিন্ন দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা পৰিলক্ষিত হৈছে৷
আজি সদৌ অসম অনুসূচীত জাতি ছাত্র সন্থাৰ নগাঁও জিলা সমিতি আৰু নগাঁও জিলা অনুসূচীত জাতি পৰিষদে নগাঁৱত এখন সংবাদমেল আয়োজন কৰি নগাঁও কাণ্ডৰ তীব্ৰ বিৰোধীতা প্ৰকাশ কৰে৷ নগাঁও চহৰস্থিত ড° বি আৰ আম্বেদকাৰ ভৱনত দুয়োখন সমিতিৰ যুটীয়া উদ্যোগত আয়োজিত সংবাদ মেলত নগাঁও কাণ্ডক গৰিহণা দি কয় যে নগাঁৱত সংঘটিত হোৱা ঘটনা চিলাপথাৰ কাণ্ডৰে পুনৰাবৃত্তি৷