ধেমাজিঃ সাত দিনে সন্ধান নাই ধেমাজি জিলাৰ চিলাপথাৰৰ দুই কিশোৰৰ৷ সন্তানৰ চিন্তাত পিতৃ-মাতৃৰ দুচকুত নাই টোপনি৷ পুত্ৰৰ সম্ভেদ নাপায় ম্ৰিয়মান পৰিয়াল৷ ১৮ আগষ্টৰ পৰাই সন্ধানহীন হৈ আছে চিলাপথাৰ সমীপৰ পুকীয়া গাঁৱৰ দিলীপ ভূঞাৰ পুত্ৰ চিলাপথাৰ আৱাসিক উচ্চ ইংৰাজী বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ নৱবিকাশ ভূঞা আৰু চিলাপথাৰ কেন্দুগুৰিৰ মদন বৰুৱাৰ পুত্ৰ চিলাপথাৰ শংকৰদেৱ শিশু নিকেতনৰ দশম শ্ৰেণীৰ ছাত্ৰ কুলনাথ বৰুৱা৷
১৮ আগষ্টৰ পুৱা বিদ্যালয়লৈ বুলি ওলাই যোৱাৰে পৰা কোনো সন্ধান নাই কিশোৰ দুজনৰ৷ দুয়োজন কিশোৰৰ পৰিয়ালৰ লোকে চিলাপথাৰ থানাত এজাহাৰ দাখিল কৰিছে যদিও এসপ্তাহ হৈ যোৱাৰ পিছতো কোনো শুংসূত্ৰ পোৱা হোৱা নাই কিশোৰ দুজনৰ৷