ডিজিটেল ডেস্কঃ ধৰ্ষণৰ গোচৰত ডেৰা ছচ্ছা ছৌদা প্ৰধান গুৰমিত ৰাম ৰহিম সিং ইনছান দোষী সাব্যস্ত হোৱাৰ পিছতে উত্তপ্ত হৈ পৰিছে পঞ্জাৱ আৰু হাৰিয়ানাৰ বিভিন্ন স্থান৷ উত্তেজিত লোকসকলক শান্ত কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলী চলাবলগীয়া পৰিস্থিতিৰো উদ্ভৱ হয়৷ আৰক্ষীৰ গুলীৰ লগতে আন হিংসাত্মক ঘটনাত এতিয়ালৈকে ৩০জনকৈ লোক নিহত হোৱাৰ বাতৰি পোৱা গৈছে৷ এনে হিংসাত্মক ঘটনাত আহত হৈছে অতি কমেও ২০০জনকৈ লোক।
শুকুৰবাৰে হাৰিয়ানাৰ পাঁচকুলাৰ বিশেষ চিবিআই আদালতে ডেৰা প্ৰধান ৰাম ৰহিমক দোষী সাব্যস্ত কৰে৷ এতিয়া অহা সোমবাৰে উক্ত গোচৰৰ দোষী সাব্যস্ত হোৱা ৰাম ৰহিমৰ শাস্তি ঘোষণা কৰিব চিবিআই আদালতে৷ শাস্তি ঘোষণা বাদেই, দোষী সাব্যস্ত হোৱাৰ পিছতে হাৰিয়ানা আৰু পঞ্জাৱৰ ভিন্ন স্থানত ব্যাপক হিংসাত্মক কাৰ্যত লিপ্ত হয় ডেৰা সমৰ্থকসকল৷ দিল্লীৰ নন্দ নগৰীতো ক্ষুব্ধ ডেৰা ভক্তসকলে কেবাখনো বাহনত অগ্নিসংযোগ কৰাৰ বাতৰি পোৱা গৈছে।