বোকাজানঃ ৰাজ্যত প্ৰতিটো জাতীয় সমস্যা তথা কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে সততে মাত মাতি আহিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে৷ সংগঠনটোৱে কাৰ্বি আংলং জিলাতো সক্ৰিয় ভূমিকা পালন কৰি আহিছে৷ কাৰ্বি আংলং জিলা সমিতিৰ আজি ষষ্ঠ দ্বি-বাৰ্ষিক অধিবেশন অনুষ্ঠিত হয়৷
এদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে পাহাৰীয়া জিলা কাৰ্বি আংলংৰ সদৰ চহৰ ডিফু নগৰৰ কলাকেন্দ্ৰ ভৱনত অনুষ্ঠিত হয় অধিবেশন খন৷ পুৱা পৰিষদৰ পতাকা উত্তোলন আৰু ছহিদ তৰ্পণৰে অনুষ্ঠানৰ শুভৰাম্ভ কৰাৰ লগতে বৃক্ষ ৰোপণ কাৰ্যসূচীও ৰূপায়ন কৰা হয়৷