61
শিৱসাগৰঃ সোমবাৰে শিৱসাগৰত উপস্থিত হয় অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা। অধ্যক্ষগৰাকীয়ে শিৱসাগৰৰ ঐতিহাসিক কীৰ্তি-চিহ্ন সমূহ পৰিদৰ্শন কৰি ইয়াৰ সামগ্ৰীক পৰিৱেশৰ বুজ লয়৷
ইয়াৰ পূৰ্বেও যোৱা জুন মাহত অধ্যক্ষগৰাকীয়ে শিৱসাগৰত উপস্থিত হৈ শিৱসাগৰৰ বিভিন্ন পৰ্যটন ক্ষেত্ৰসমূহ পৰিদৰ্শন কৰিছিল। শিৱসাগৰক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰি বহুকেইটা ন ন পৰিকল্পনা হাতত লোৱাৰ কথা সদৰী কৰে।