গোৰেশ্বৰঃ ৪৩ বৰ্ষ অতিক্ৰম কৰা বাক্সা জিলাৰ গোৰেশ্বৰ মহাবিদ্যালৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি এখন সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়। ১৯৭৪ চনত বেতনা শিক্ষা আৰু কৃষি উন্নয়ন সংঘৰ প্ৰচেষ্টাত গঢ় লৈ উঠা গোৰেশ্বৰ মহাবিদ্যাল প্ৰতিষ্ঠাৰ সৈতে জডিত প্ৰায় শতাধিক ব্যক্তি তথা পৰিয়াললৈ সম্বৰ্ধনা জ্ঞাপন কৰে মহাবিদ্যালয় কৰ্তৃপক্ষই।
অমিন্দ্ৰ নাথৰ সভাপতিত্বত দিনৰ ১১ বজাত মহাবিদ্যালয় প্ৰেক্ষাগৃহত এখনি মুকলি সভা অনুষ্ঠিত হয়। বাক্সা জিলাৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান গোৰেশ্বৰ মহাবিদ্যালয়ত ইতিমধ্যে কলা, বাণিজ্য আৰু নতুনকৈ স্থাপন কৰা বিজ্ঞান বিভাগে অঞ্চলটোৰ শৈক্ষিক দিশ উজলাই ৰাখিবলৈ সক্ষম হৈছে।