নাওকাটাঃ ৰাজ্যত শাম কটা নাই নগাঁও কাণ্ডৰ প্ৰতিবাদ৷ অনা-অসমীয়া ব্যৱসায়ীৰ হাতত প্ৰাক্তন আলফা অপদস্থ হোৱাৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ নগাঁও জিলাৰ বানাক্ৰান্ত সকলৰ বাবে বান সাহায্য বিচাৰি যাওঁতে কৌশলেৰে প্ৰাক্তন আলফা নেতা মুন বৰা আৰু ৪ সহযোগীক বন্ধ কোঠাত শাৰীৰিকভাবে অপদস্থ কৰাৰ ঘটনা চিচি টিভি যোগে পোহৰলৈ অহাৰ পাছতেই সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে খিলঞ্জীয়া মানুহৰ ওপৰত কৰা অপমানৰ প্ৰতিবাদ কৰি ৰাজপথলৈ ওলাই আহে৷
আজি সন্ধিয়া প্ৰায় ৬. ৩০ বজাত বাগসা জিলাৰ নাওকাটাত পুৱ ডেফেলী আঞ্চলিক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত কেইবাটাও সংগঠনে নগাঁও কাণ্ডৰ প্ৰতিবাদত নাওকাটা চ’ক বজাৰত জোঁৰ সমদল উলিয়ায়। যুৱ ছাত্ৰ পৰিষদকে ধৰি সদৌ অসম ছাত্ৰ সন্থা, প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতি, আক্ৰাছু, এবছু, শৰণীয়া কছাৰী ছাত্ৰ সন্থা, নাওকাটা জনকল্যাণ সংঘ আদি দল-সংগঠনৰ কেইবাশতাধিক কৰ্মীয়ে হাতে-হাতে জোঁৰ লৈ বিজেপি চৰকাৰ হায় হায়, জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল হায় হায়, অসমৰ বতাহ-পানী খাই জীয়াই থকা অনা-অসমীয়াৰ দপদপনি নচলিব, নগাঁও কাণ্ডৰ উচিত বিচাৰ লাগে আদি শ্লোগানেৰে নাওকাটাৰ আকাশ-বতাহ কঁপাই তোলে।