গোৰেশ্বৰঃ অসম ৰাজ্যিক চিপিআই(এম)ৰ আহ্বানত আঁঠটা দাবীৰ সমৰ্থনত বাক্সা জিলাৰ গোৰেশ্বৰ আঞ্চলিক সমিতিয়ে যোৱা ২৭ আৰু ২৮ আগষ্টত গোৰেশ্বৰ অঞ্চলৰ জ্যোতিনগৰ, বালাহাটী, ভেহঁবাৰী, গুৰমৌ, গাছবাৰী, মিলন নগৰ, তামুলীখাট, ভোগপুৰকে ধৰি বাৰটা স্থানত জাঠা পথসভা অনুষ্ঠিত কৰে।
প্ৰখৰ ৰ’দকো নেওঁচি বাহন আৰু বাইক মিছিলেৰে প্ৰায় ১৫ কিঃ মিঃ পথ পৰিভ্ৰমণ কৰি দলৰ কৰ্মী-সমৰ্থকে বিভিন্ন শ্ল’গান দি গোৰেশ্বৰ অঞ্চলৰ আকাশ বতাহ মুখৰিত কৰি তোলে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি চিপিআই(এম)ৰ জ্যেষ্ঠ নেতা কৰুণা ভূঞা, শংকৰ চৌধুৰী, যুৱ নেতা মুকুন্দ বড়ো আৰু ছাত্ৰ নেতা বিৰাজ ডেকাই ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিক তীব্ৰ ভাষাৰে সমালোচনা কৰি বক্তব্য ৰাখে।