54
ধিংঃ বজাৰ কৰিবলৈ আহি খালি হাতে ঘৰলৈ গৈছে বহু লোক৷ কিয়নো যোৱা তিনিদিন ধৰি ষ্টেট বেংক অৱ ইণ্ডিয়াৰ এটিএমত টকা নাই৷ নগাঁও জিলাৰ ধিঙত বহু লোকে এটিএমত টকা বিছাৰি হাহাকাৰ কৰিব লগা হৈছে৷
ষ্টেট বেংক অৱ ইণ্ডিয়াৰ কৰ্তৃপক্ষই গ্ৰাহকক গুৰুত্ব আৰোপ নকৰাত যোৱা তিনিদিন ধৰি ধিঙৰ এটিএমত নগদ টকা পাবলৈ সক্ষম হোৱা নাই বেংকৰ গ্ৰাহকসকলে।