71
তেজপুৰ টাউনঃ চীন-ভাৰতৰ যুদ্ধ সদৃশ পৰিস্থিতিৰ লাহে ললাহে শাম কাটিছে যদিও চীন দেশৰ বিৰুদ্ধে দেশৰ জনসাধৰণৰ ক্ষোভ কমা নাই৷ চীনা সামগ্ৰী বৰ্জন কৰা দাবীত ৰাজ পথলৈ ওলাই আহিল আৱাল, বৃদ্ধ বনিতা৷
স্বদেশী সামগ্ৰী গ্ৰহন কৰাৰ ধ্বনীৰে আজি উত্তাল হ’ল ৰঙাপৰা। চীনা সমগ্ৰীয়ে দেশৰ অৰ্থনীতিৰ বজাৰখন সম্পূৰ্নৰূপে গ্ৰাস কৰি অহাৰ অভিযোগ উত্থাপন কৰি শোনিতপুৰৰ ৰঙাপৰাত ৰেল মজদুৰ সংঘ আৰু স্বদেশী জাগৰন মঞ্চই প্ৰতিবাদ সাব্যস্ত কৰে৷