মৰাণঃ কিতাপৰ সুবাসত এতিয়া বিচলিত নহয় মানুহৰ প্ৰাণ৷ তাৰেই প্ৰমাণ যেন ডিব্ৰুগড় জিলাৰ মৰাণৰ চুজা-চ’ফিয়া পুথিভৰাঁলটো৷ পাঠকৰ আদৰৰ অভাৱত ক্ৰমাৎ জহি খহি যোৱা এই পুথিভৰাঁলটোত এতিয়া কেৱল নিৰ্জনতাৰ পৰিৱেশে বিৰাজ কৰে৷
২০০৪ চনত মৰাণৰ কবি আৰু সাহিত্যিক চুজাউদ্দিন আহমেদে মৰাণ আৰক্ষী থানাৰ সন্মুখত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ নিজা বাসভৱনৰ প্ৰথম মহলাত নিৰ্মাণ কৰিছিল এই পুথিভৰাঁলটো৷ এটা সময়ত পঢ়ুৱৈৰ গুনগুননি আৰু গ্ৰন্থৰ সুবাসেৰে ভৰুণ হৈ পৰা পুথিভৰাঁলটোত এতিয়া জনশূণ্য পৰিৱেশ৷