173
নলবাৰীঃ ‘‘পোহৰৰ শিখা এডাল হৈ যিয়ে সমাজ পোহৰাব পাৰে, তেৱেই শিক্ষক৷’’- বিশ্ববিশ্ৰুত দাৰ্শনিক, ৰাজনৈতিক, কুটনৈতিক, লিখক, বাগ্মীপুৰুষ, আদৰ্শৰ বাটকটীয়া পণ্ডিত ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণে শিক্ষকৰ যি সংজ্ঞা দি থৈ গৈছিল, হয়তো এগৰাকী শিক্ষকৰ বাবে সেয়াই উপযুক্ত সংজ্ঞা৷
শিক্ষকে সমাজ পোহৰায়৷ ৰাধাকৃষ্ণনে কৈ যোৱাৰ দৰে শিক্ষক এন্ধাৰ নাশক৷ সেয়ে ৰাধাকৃষ্ণন আৰু শিক্ষকসকলৰ প্ৰতি সশ্ৰদ্ধ সেৱা জনাই ৫ চেপ্তেম্বৰত পালন কৰা হয় শিক্ষক দিৱস৷