ডিজিটেল ডেস্কঃ অচ্ছে দিনৰ উপহাৰ হিচাপে পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যনে প্ৰতিটো চিলিণ্ডাৰতে ৭টকাকৈ বৃদ্ধি পাব বুলি জানিবলৈ দিছে। কেন্দ্ৰৰ নিৰ্দেশৰ ভিত্তিতে ৰাজ সাহায্যযুক্ত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম প্ৰতি মাহতে এনেদৰে বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে ৰাষ্ট্ৰীয়কৃত তেল সংস্থাসমূহে।
ৰাজধানী দিল্লীত ৰাজ সাহায্যপ্ৰাপ্ত ১৪.২ কেজি চিলিণ্ডাৰৰ দাম আছিল ৪৭৯.৭৭ টকা। ৭₹কৈ বৃ্ধি পোৱাৰ পিছত এইবাৰ ইয়াৰ দাম হ২বগৈ ৪৮৭.১৮ টকা। অসমত দাম বৃদ্ধিৰ পূৰ্বে ৰাজ সাহায্যযুক্ত চিলিণ্ডাৰৰ দাম আছিল ৪৭৫₹। এতিয়া ১ ছেপ্তেম্বৰৰ নতুন নিৰিখত গ্ৰাহকে ক্ৰয় কৰিব লাগিব চিলিণ্ডাৰ।