ডিব্ৰুগড়ঃ কিতাপৰ গোন্ধে এতিয়া পোখা নেমেলে পুথিভঁৰালত৷ তাৰ সলনি এতিয়া পুথিভঁৰালৰ চৌহদ বেঢ়িছে বিলাতী সুৰাৰ গোন্ধে৷ বিলাতী সুৰাৰ আড্ডাত পৰিণত হৈছে ডিব্ৰুগড় জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহ৷ আজি জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহটোলৈ সাংবাদিক যাওঁতে এনে কিছুমান দৃশ্যই পোহৰলৈ আহিছে৷
পুথিভঁৰাল প্ৰেক্ষাগৃহৰ ভিতৰৰ লগতে বাৰাণ্ডা আৰু চৌহদৰ ভিন্ন স্থানত বিলাতী সুৰা আৰু বিয়েৰ বটল, মদ্যপান কৰিবলৈ ব্যবহাৰ কৰা ডিচপজেবল গিলাচ আদি পৰি থকা দৃশ্যই সুৰাৰ আড্ডাৰ স্পষ্ট প্ৰমাণ কৰিছে। বিশেষকৈ প্ৰেক্ষাগৃহৰ ভিতৰত মদৰ বটল পৰি থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।