কাছাৰঃ ৰাজ্যত বৃদ্ধি পাইছে বাবাখোৰ৷ বৃদ্ধি পাইছে নিচাজাতীয় সামগ্ৰীৰ অবৈধ ব্যৱসায়৷ ৰাজ্যৰ নগাঁও, গোৱালপাৰা, ধুবুৰী আদি জিলাৰ বিভিন্ন অঞ্চলত অবৈধ নিচাজাতীয় সামগ্ৰী উদ্ধাৰ হোৱাৰ পাছত বৃহস্পতিবাৰে কাছাৰ জিলাৰ কাটিগড়াত উদ্ধাৰ হয় ট্ৰাক ভৰ্তি ভাং৷
আগৰতলা পৰা শিলিগুৰি গৈ থকা অৱস্থাত কাটিগড়াৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত কাটিগড় আৰক্ষীয়ে ভাং নি থকা ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয়৷ কাটিগড়া আৰক্ষীৰ এটা দলে ট্ৰাকখনৰ পৰা প্ৰায় ৫০ কেজি অবৈধ ভাং উদ্ধাৰ কৰে৷ লগতে আৰক্ষীয়ে ট্ৰাকখনৰ চালকৰ আসনৰ পৰা মোহন শ্যাম নামৰ উত্তৰ প্ৰদেশৰ মথুৰাৰ ব্যক্তি এজনক আটক কৰিবলৈ সক্ষম হয়৷