নগাঁও টাউনঃ ট্ৰেফিক পুলিচ হল এইবাৰ কুকুৰ৷ নগাঁও চহৰৰ এটা পৰিত্যক্ত হৈ পৰি থকা ট্ৰেফিক পইন্টত বগা পোচাক পিন্ধা ট্ৰেফিকৰ সলনি কুকুৰৰহে ৰাজ চলা পৰিলক্ষিত হ’ল৷
উল্লেখ্য যে, নগাঁও চহৰৰ এটি ব্যস্ত অঞ্চল মৰিকলঙত থকা এটা ট্ৰেফিক পইন্টটো যোৱা কেইবাবছৰো ধৰি পৰিত্যক্ত অৱস্থাত আছে৷ ফলত বৰ্তমান সময়ত বহু যান-যঁট সৃষ্টি হোৱা দেখা যায় গৈছে এই অঞ্চলটোত। বিগত সময়ত কোনো ট্ৰেফিক পুলিচ নথকাৰ ফলত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈ কেইবাজনো লোক মৃত্যু মুখত পৰিছে।