গোলাঘাটঃ সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ ভাতৃ সংগঠন সদৌ টাই আহোম যুৱ পৰিষদে আগবঢ়োৱা লাচিত বৰফুকন বঁটা প্ৰাপক ড হীৰেণ গোঁহাই আৰু জয়ন্ত বৰুৱাৰ লগতে আহোম জনগোষ্ঠীৰ বিৰুদ্ধে এটা ব্যক্তিগত চেনেলত বিৰূপ মন্তব্য কৰিছিল ৰাজ্যৰ মদগৰ্বী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
ইয়াৰ পাছতেই মানসিক বিকাৰগ্ৰস্ত লোকৰ দৰে হিমন্ত বিশ্ব শৰ্মাই অসমখনক ভাগ ভাগ কৰি আধুনিক মোগলৰ পক্ষ লৈছে বুলি অভিযোগ কৰি ইয়াৰ তীব্ৰ বিৰোধিতা কৰে আটাছুৱে৷ শুকুৰবাৰে গোলাঘাট নগৰত মন্ত্ৰীজনৰ পুত্তলিকা দাহ কৰি স্বাভিমানী মন্ত্ৰীগৰাকীৰ কাণ্ডৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে৷