নলবাৰীঃ বৰমা প্ৰাথমিক বড়ো সাহিত্য সভা আৰু বৰমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰমা থানাৰ অন্তৰ্গত কালজাৰ জুলি মৈদামত ১৬ নবেম্বৰত অনুষ্ঠিত কৰিবলগীয়া বড়ো সাহিত্য দিৱসৰ আদৰণি সমিতিৰ কাৰ্যালয়টো আজি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ কাৰ্যবাহী সদস্য অনসুমৈ খুংগুৰ বড়োই আনুষ্ঠানিকভাবে উদ্বোধন কৰে।
উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় বড়ো সাহিত্য সভাৰ উপ সভাপতি দীপক কুমাৰ বসুমতাৰী, বাক্সা জিলা বড়ো সাহিত্য সভাৰ সভাপতি অতুল স্বৰ্গীয়াৰীৰ লগতে জিলা বিষয়ববীয়া, বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ সম্পাদক জৗংসাৰ ৰামচিয়াৰীৰ লগতে বিষয়ববীয়া, বৰমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ বিষয় ববীয়া আৰু বৰমা অঞ্চলৰ ৰাইজ উপস্থিত থাকে।