গোৰেশ্বৰঃ অসমীয়াৰ আকাশৰ সু-উজ্জল ভোটা তৰা জুবিন গাৰ্গৰ বিগ বাজেটৰ ছবি ‘মিছন চাইনা’ ছবিঘৰলৈ আহিবলৈ মাজত আৰু মাত্ৰ চাৰিটা দিন৷ ইতিমধ্যে জনপ্ৰিয় শিল্পীগৰাকীয়ে কলা-কুশলীক লগত লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয়ে মহাবিদ্যালয়ে নামি পৰিছে প্ৰচাৰ অভিযানত৷ বহুল বাজেটৰ ছবিখনৰ প্ৰচাৰত পিছ পৰি থকা নাই জুবিন ফেন ক্লাৱো।
মিছন চাইনা ছবিখনক দৰ্শকৰ ওচৰ চপাই নিয়াৰ প্ৰচেষ্টাৰে বাক্সা জিলা জুবিন ফেন ক্লাৱে অহা ৭ চেপ্তেম্বৰত বাইক ৰেলীৰ প্ৰস্তুতি চলাইছে। জুবিন ফেন ক্লাৱে নিজৰ ধন খৰচ কৰি টি-চাৰ্টো প্ৰস্তত কৰিছে বাইক ৰেলীৰ বাবে। গোৰেশ্বৰৰ পৰা নাওকাটালৈ আয়োজন কৰা হৈছে এই বাইক ৰেলীৰ।