জাজৰিঃ ৰাজ্যজুৰি বানপানীয়ে জনসাধাৰণক জুলুকে জুলুকে পানী খোওৱাৰ পিছত শেহতীয়াকৈ ধাৰাষাৰ বৰষুনে বটদ্ৰৱা সমষ্টিৰ বিভিন্ন গাঁও, বিদ্যালয়, ৰাজহুৱা স্থান, ঘৰ-দুৱাৰ পানীয়ে বুৰাই পেলাইছে।
শনিবাৰে নিশা পোনৱা প্ৰচণ্ড বৰষুণৰ ফলত নগাঁও আৰু মৰিগাঁও জিলাৰ উত্তৰ-পশ্চিম অঞ্চলৰ কুজিসত্র, বৰচিলা, বোৱালগুৰি, কটহগুৰি, গা-খজুৱা, বৰমনিপুৰ, বৰিবজাৰ, গোসাইখন্দা, খলপিয়া, আলিচিঙা আদি অঞ্চল জলমগ্ন হৈ পৰে৷ নিশাটো জুৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত অঞ্চলকেইটাৰ বিস্তৰ ক্ষতিসাধন হয়৷