ডিজিটেল ডেস্কঃ মোদী মন্ত্ৰীসভাত নতুন ৰেলমন্ত্ৰীৰ দায়িত্ব লাভ কৰিলে পীয়ুষ গোৱেলে। টুইট কৰি ৰেলমন্ত্ৰণালয়ৰ পৰা নিজৰ বিদায়ৰ বাৰ্তা দেশবাসীক জনায় সুৰেশ প্ৰভুৱে পীয়ুষ গোৱেলৰ লগতে দেওবাৰে সালসলনি হোৱা মোদী মন্ত্ৰীসভাত পদোন্নতি হয় ধৰ্মেন্দ্ৰ প্ৰধান, নিৰ্মলা সীতাৰামন আৰু মুখতাৰ আব্বাছ নকভিৰ।
কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰীৰ পৰা এইবাৰ কেবিনেট মন্ত্ৰীৰ দায়িত্ব দিয়া হয় চাৰিওগৰাকীকে। ইয়াৰ লগতে শপত গ্ৰহণ কৰে ৯ গৰাকী নতুন মন্ত্ৰীয়ে। নতুন এই ৯ মন্ত্ৰীক দিয়া হয় কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰীৰ দায়িত্ব।