52
ৰঙিয়াঃ সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াতো ৩৪ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়। অৰ্জুণ বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্ম দিনৰ লগত সংগতি ৰাখি উদযাপিত হোৱা অভিৰুচি ক্ৰীয়া দিৱসৰ সামূহিক দৌৰ আৰম্ভ হয় ৰঙিয়া তিনিআলিৰ পৰা।
উক্ত সামূহিক দৌৰত অংশগ্ৰহণ কৰে ৰঙিয়াৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা খেলুৱৈ সকলে। এই সামুহিক দৌৰত অংশগ্ৰহণকাৰীসকলে ৰঙিয়া চহৰৰ মাজেৰে অভিৰুচি দিৱস সফল হওঁক, ভোগেশ্বৰ বৰুৱা জিন্দাবাদ আদি ধ্বনিৰে আকাশ বতাহ কপাই তোলে।