মৰিয়নীঃ দেৰগাঁৱৰ ভকতীয়া গাঁৱৰ এগৰাকী কিশোৰী আক্ৰান্ত হৈ আছে মাৰাত্মক কেঞ্চাৰ ৰোগত৷ ফুলৰ দৰে মন এটা লৈ ভৱিষ্যতৰ সপোন গুঁঠা বয়সত নবম শ্ৰেনীৰ ছাত্ৰী মামনি বৰদলৈ এতিয়া যুঁজ দি আছে কেঞ্চাৰ ৰোগত৷
আনফালে আৰ্থিক দৈন্যতাই বাধা প্ৰদান কৰিছে মামণিৰ চিকিৎসাত৷ যাৰ বাবে পৰিয়ালটোৱে সুহৃদ ৰাইজৰ সহায় বিচাৰিবলগীয়া হৈছে৷ মামণিক এটি জীৱন উপহাৰ দিয়াৰ স্বাৰ্থত আজি দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয় আছু গোটৰ উদ্যোগত ফেটাগাওঁ মহিলা সমিতি, ফেটাগাওঁ অৰুণোদয় কেন্দ্র, ভকতীয়াগাওঁ মহিলা সমিতি, ভকতীয়াগাওঁ যুৱ মঞ্চৰ সহযোগত সাহায্য বিচাৰি এটি পদযাত্ৰা উলিওৱা হয়৷