নগাঁওঃ আকৌ বানৰ কবলত নগাঁও৷ বিগত কেইবাদিনো ধৰি কৃত্ৰিম বানৰ কবলত পৰি হাহাকাৰ কৰিব লগা হৈছে নগাঁও চহৰৰ বিভিন্ন ঠাই৷ ধাৰাষাৰ বৰষুণৰ ফলত আৱাসিক এলেকাত জমা হোৱা পানী ওলাই যাবৰ বাবে প্ৰয়োজনীয় বিজ্ঞানসন্মত নলা-নৰ্দমা নথকাৰ পৰিণতিত এই অঞ্চলবোৰৰ দুৰ্ভগীয়া লোকসকলে যোৱা প্ৰায় এপষেক ধৰি পানীৰ মাজতে যমৰ-যাতনা ভোগ কৰিব লগা হৈছে৷
জানিব পৰা মতে, নগাঁও চহৰৰ মাজৰআটি, লাওখোৱা ৰোড, ইংলিচ পট্টী, চান্দমাৰী পথ, বিষ্ণু নগৰ, শংকৰ নগৰ, গান্ধী নগৰ, কৃষ্ণ নগৰ, হয়বৰগাঁৱৰ ২২ নং ৱাৰ্ড, কহুঁআটিকে ধৰি বহু জনবহুল এলেকা আজিও কৃত্ৰিম বানত ডুব গৈ আছে৷ ফলস্বৰূপে গেলা দুৰ্গন্ধময় পানীৰ মাজেৰেই উপায়হীন হৈ বিভিন্ন ঠাইলৈ অহা-যোৱা কৰিবলগীয়া হৈছে লোকসকলে৷