চৰাইদৈউঃ অসম তথা উত্তৰ-পূৱ ভাৰতৰ প্ৰথম অৰ্জুন পুৰস্কাৰ বিজয়ী খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ আজি জন্মদিন৷ ৰাজ্য জুৰি অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ আজি জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়৷ ১৯৮৪ চনৰ পৰাই ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো অৰ্থাৎ ৩ ছেপ্তেম্বৰৰ দিনটো সমগ্ৰ ৰাজ্যত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সোণাৰিতো আজি ৩৪ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে হাফ মাৰাথান দৌৰৰ লগতে সামূহিক দৌৰ অনুষ্ঠিত হয়।