নগাঁওঃ নগাঁৱৰ বেবেজীয়াৰ খালৈগাঁওস্থিত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ পাৱাৰ গ্ৰেড ষ্টেছনৰ মুৰব্বী অভিযন্ত্ৰা বাবুল পাটৰৰ শণিবাৰে মৃত্যু হয়৷
মৃত্যুৰ সময়ত অভিন্তাগৰাকীৰ বয়স হৈছিল ৫৫ বছৰ৷ বিগত প্ৰায় এবছৰ কাল কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল পাটৰ৷ ইতিমধ্যে হায়দৰাবাদত উন্নত চিকিৎসা গ্ৰহন কৰি অহা পাটৰ বহু পৰিমাণে সুস্থ হৈ উঠিছিল যদিও হঠাতে বৃহস্পতিবাৰৰ নিশা অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ পাটৰক চিকিৎসালয়ত ভৰ্তি কৰে দিও শেষ নিশ্বাস ত্যাগ কৰে৷