ডিব্ৰুগড়ঃ চিলাপথাৰ কাণ্ডৰ পাছত ৰাজ্যজুৰি দল-সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি থলুৱাক আক্ৰমণ নকৰিবলৈ অনা-অসমীয়াক শেষ বাৰৰ বাবে ৰাজ্যৰ দল-সংগঠনে সকীয়াই দিছিল৷ সেই সকিয়নীক গুৰুত্ব আৰোপ নকৰি পুনৰ নগাঁৱৰ নেহৰুৱালিত অনা-অসমীয়া ব্যৱসায়ীয়ে বান সাহায্য বিচাৰি যোৱা অসমীয়া যুৱকক হত্যাৰ চেষ্টা চলায়।
বাৰে বাৰে অসমীয়াৰ স্বাভিমানত আঘাত হনা কাৰ্যক সহজে লব পৰা নাই ৰাজ্যৰ দল-সংগঠনে৷ প্ৰাক্তন আলফাৰ লগতে ৰাজ্যৰ জাতীয় দল-সংগঠনে নগাঁও কাণ্ডৰ বিৰুদ্ধে ৰাজ পথ কপাই আকৌ এবাৰ সকীয়াই দি স্ব-জাতিক ৰক্ষাৰ বাবে লাগিলে হিংস্ৰ আন্দোলন তথা অস্ত্ৰ হাতত লোৱাৰ হুংকাৰ প্ৰদান কৰে৷