তেজপুৰ টাউনঃ অসমৰ সাম্প্ৰতিক পটভূমিত সত্ৰীয়া সংস্কৃতিৰ অমৰ সৃষ্টিক শুদ্ধ ৰূপত অক্ষুন্ন ৰাখিবৰ বাবে আৰু শিষ্যসকলৰ সাংস্কৃতিক প্ৰতিভা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ মহানুভৱতাৰ ফলশ্ৰুতিৰে দেওবাৰে সন্ধিয়া ৬ বজাত শোণিতপুৰ জিলাৰ তেজপুৰৰ জিলা পুথিভৰালত সমন্বয় শিষ্য সাংস্কৃতিক সমাৰোহৰ উদ্যোগত এক ‘সত্ৰিয়া নৃত্যৰ এসন্ধ্যা’ৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
অনুষ্ঠানত প্ৰায় তিনিশতাধিক শিষ্য, অভিভাৱক তথা দৰ্শক ৰাইজ উপস্থিত থাকে। পুথিভড়াল প্ৰাংগণত আয়োজিত এই সমাৰোহৰ বন্তি প্ৰজ্বলনেৰে শুভাৰাম্ভ কৰে ঔগুৰি সত্ৰৰ সত্ৰাধিকাৰ গুণমণি মহন্তই। অনুষ্ঠানখনি উদ্ধোধন কৰে দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰবক্তা উপেন শৰ্মাই। ]