মুৰাঝাৰঃ বিগত বৰ্ষসমূহৰ দৰে এইবেলিও পবিত্র শিক্ষক দিৱসৰ দিনা কাৰ্বি পাহাৰৰ এক অন্যতম সামাজিক প্ৰতিষ্ঠান যমুনা গ্ৰুপ, হাওৰাঘাটৰ তৰফৰ পৰা স্থানীয় পাঁচগৰাকী কৃতি শিক্ষকলৈ সংস্থাৰ নিজা বঁটা “জ্ঞান সাধনা বঁটা” আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি সংস্থাৰ মুখপাত্ৰই এক প্ৰেছ বিজ্ঞপ্তিযোগে সংবাদমাধ্যমক সদৰী কৰে।
এই বঁটাৰ বাবে ২০১৭ বৰ্ষৰ নিৰ্বাচিত পাঁচগৰাকী কৃতি শিক্ষক ক্ৰমে – হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ বালিৰাম মেধি, অক্-কেৰেং উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বদন চন্দ্ৰ বড়ো, হাওৰাঘাট নগৰ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী জয়মতী কলিতা, ডেনগাঁৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক উজ্বল চন্দ্ৰ দাস আৰু মোৰাঝাৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুল মুকিদ।