উত্তৰ শালমাৰাঃ বৃহত্তৰ অভয়াপুৰীৰ নৱপ্ৰজন্মৰ নৃত্যৰ প্ৰতি বাঢ়ি অহা স্পৃহা তথা আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথমবাৰৰ বাবে বঙাইগাঁও জিলাৰ অভয়াপুৰীত স্থাপন হল এখনি নৃত্য আৰু যোগ প্ৰশিক্ষণৰ বিদ্যালয়। “এ ইউনিক ডাঞ্চ এণ্ড যোগা একাডেমী” নামেৰে নামকৰণ কৰা শিক্ষা অনুষ্ঠানটো সোমবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে উত্তৰ শালমাৰাৰ মহকুমাধিপতি অন্বমুদন এম পিয়ে।
উদ্বোধনীৰ পুৰ্বে মহকুমাধিপতি অন্বমুদন এম পিক সম্বৰ্দ্ধনা জ্ঞাপন কৰে প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালিকা ধনশ্ৰী ভাণ্ডাৰ কায়স্থই। ইয়াৰ পূৰ্বে দেৱী সৰস্বতীৰ চৰণত বন্তি প্ৰজ্বলনেৰে মাংগলিক কাৰ্য সমাপন কৰে ৰাজহ চক্ৰ বিষয়া মিতালী লহকৰে।