বৰক্ষেত্ৰীঃ ছছিয়েল মিডিয়া, বিশ্বত সবাতোকৈ জনপ্ৰিয় সামাজিক মাধ্যম হৈ পৰিছে ছছিয়েল মিডিয়া৷ তাৰ মাজতে ফেচবুক বৰ্তমান সময়ত বিশ্বৰ সৰ্বত্ৰে জনপ্ৰিয়তা লাভ কৰা এটি ছ’চিয়েল নেটৱৰ্কিং ছাইট। ফেচবুক বুলিয়েই আমাৰ বহুতৰে মনত হয়তো নেতিবাচক ধাৰণাই দেখা দিয়ে। বহুলোকে নিজ নিজ সন্তানক ফেচবুকৰ পৰা আঁতৰাই ৰখাৰো চেষ্টা কৰে।
শৈক্ষিক আৰু চাৰিত্ৰিক দিশত ক্ষতি কৰিব বুলিয়ে অভিভাৱকে নিজৰ সন্তানক ফেচবুকৰ পৰা আঁতৰাই ৰাখিব বিছাৰে। কিন্তু আমাৰ ৰাজ্য খনত ফেচবুকৰ জৰিয়তে বিভিন্ন বাল কাম হৈ থকা দেখা গৈছে৷ বানৰ সময়ত সাহায্য বিছাৰি ফেচবুকত ব্যৱহাৰ কৰা হৈছে৷ হোজাই জিলাৰ যমুনামুখত এগৰাকী শিক্ষয়িত্ৰীক হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ জনমত ফেচবুকতে গঢ় লৈ উঠিছিল৷