অভয়াপুৰীঃ শিক্ষক দিৱসৰ দিনটোত এগৰাকী শিক্ষকৰ পৰিয়ালৰ কৰুণ জীৱন গাথা। আজি শিক্ষক দিৱস। ভাৰতৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি বিশ্ব বিশ্ৰুত পণ্ডিত আজীৱন শিক্ষক ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম দিনটোত সমগ্র দেশে পালন কৰে শিক্ষক দিৱস। আমাৰ ৰাজ্যখনতো চৰকাৰী খণ্ডতেই হওঁক অথবা বেচৰকাৰী খণ্ডতেই হওঁক গুৰু-শিষ্যৰ মাজত বেছ উলহ মালহেৰে পালন কৰা হয় এই পবিত্র দিৱসটি।
শিক্ষক সকলৰ নিশ্বাৰ্থ পৰিশ্ৰমক মৰ্যাদা দিবলৈ আজিৰ দিনটোত পালন কৰা হয় শিক্ষক দিৱস। কিন্তু দুখৰ বিষয় যে অসমত এনে বহুসংখ্যক শিক্ষক আছে যি সকলে সু-নাগৰিক গঢ়াৰ কমাৰশালত জীৱনৰ অতি মূল্যবান সময় অতিবাহিত কৰিলে যদিও আজি পৰ্যন্ত লাভ কৰিবলৈ সক্ষম নহ’ল কোনোধৰণৰ চৰকাৰী স্বীকৃতি। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ শিৱপুৰৰ গংগেশ চন্দ্ৰ চৰকাৰে শিক্ষকতা বৃত্তিকে ব্ৰত হিচাপে লৈ ১৮ বছৰে অতি কম পাৰিশ্ৰমিকেৰে কাম কৰাৰ পিছত মৃত্যুক আকোঁৱালি লোৱা শিক্ষকগৰাকীৰ পৰিয়ালত নাজল-নাথল অৱস্থাই অপ্ৰাদেশীকৃত শিক্ষকৰ কৰুণ অৱস্থাৰ দিশ উন্মোচিত কৰিছে।