অভয়াপুৰীঃ ভাৰতৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি বিশ্ব বিশ্ৰুত পণ্ডিত আজীৱন শিক্ষক ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম দিনটোত সমগ্র দেশে পালন কৰে শিক্ষক দিৱস। শিক্ষক সকলৰ অক্লান্ত শ্ৰমৰ বিনিময়ত এগৰাকী ছাত্ৰ-ছাত্ৰী ভৱিষ্যতে দেশৰ সু-নাগৰিক হিচাপে পৰিগনিত হয়।
শিক্ষক সকলৰ নিস্বাৰ্থ পৰিশ্ৰমক মৰ্যাদা দিবলৈ আজিৰ দিনটোত সমগ্র দেশৰ লগতে বঙাইগাঁও জিলাৰ অভয়াপুৰীত চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান সমূহৰ লগতে বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত পালন কৰা হয় গুৰু-শিষ্যৰ এই পবিত্র দিৱসটি। আজি অভয়াপুৰীত কচমচ্ ক্লাৱৰ উদ্যোগত পালন কৰা হয় শিক্ষক দিৱস।