কাজিৰঙাঃ কেতিযাবা বনৰীয়া হাতীয়ে খেতি পথাৰ তহিলং কৰি খেতিয়কক মাধামাৰ শোধায়৷ কেতিয়াবা বানপানীৰ কবলত পৰি খেতি পথাৰ নষ্ট হোৱাৰ ফলত হাহাকাৰ কৰিব লগা হয়৷ যোৱা কেইবাটাও দশক ধৰি বেংকৰ ঋণ, বনৰীয়া হাতীৰ জাক, বানপানীয়ে মাধমাৰ শোধোৱাৰ লগতে শুৰপোকে ধাননি পথাৰ আক্ৰমণ কৰাৰ ফলত মূৰে-কপালে হাত দিব লগা হৈছে ৰাজ্যৰ শ শ কৃষকে৷
শুৰপোকে প্ৰতিবছৰে বানৰ পাছতে গেৰ ধৰা ধাননী পথাৰ এফালৰ পৰা খাই শেষ কৰে৷ যোৱা কেইবাটাও বছৰে শুৰপোকে ৰাজ্যৰ শ শ বিঘা খেতিপথাৰ ধৰি ৰাজ্যৰ কৃষিভূমিত তাণ্ডৱ চলাই আহিছে৷ দেশত পোন প্ৰথমে দক্ষিণ ভাৰতৰ তামিলনাডুত একাংশ খেতিয়কৰ লহপহকৈ বাঢ়ি অহা ধান খেতি এফালৰ পৰা বৰণ সলনি হ’ব ধৰাত কৃষি বিভাগে শুৰপোকে আক্ৰমণ কৰা বুলি নিশ্চিত হৈছিল৷