তেজপুৰঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা এটা সজাতি দলে তেজপুৰৰ বাঁহবাৰী মৌজাত কৃষিজাত সামগ্ৰী বিতৰণ কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ মুখ্য শস্যবিদ ড০ অজিত বৈশ্য, কনিষ্ঠ বিজ্ঞানী অজয় শংকৰ বৰা, মীন বিজ্ঞানী বিশ্বজিত বৰা, পশু বিজ্ঞানী সুশীল এক্কাই তেজপুৰ চহৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগৰ বাঁহবাৰী মৌজাৰ বড়ো অধ্যুষিত অঞ্চল পুৰনি ঘটুৱা গাঁৱত উপস্থিত হয়৷
কৃষি বিশ্ববিদ্যালয়ৰ এই সঁজাতি দলটোৱে কৃষিপ্ৰধান গাঁওখনৰ প্ৰায় এশ ঘৰ মানুহৰ মাজত কুকুৰা পোৱালি, নেমুটেঙা পুলি, অমিতা পুলি, সৰিয়হৰ বীজ, ভেকচিন, মুৰ্গী দানা আদি সামগ্ৰীসমূহ বিতৰণ কৰাৰ লগতে কৃষি সম্বন্ধে এদিনীয়া প্ৰশিক্ষণ প্ৰদান কৰে। ৰাজ্যৰ পিচপৰা জনজাতিয় অঞ্চলসমূহত কৃষিজাত সামগ্ৰী বিতৰণ কৰি স্বাবলম্বিতাৰ পথ দেখুৱাই দিয়ে৷