56
নামতিঃ শিৱসাগৰ জিলাৰ নিৰুদিষ্ট সন্তান লাভ কৰিলে পিতৃ-মাতৃয়ে৷ আজি জয়সাগৰস্থিত ‘স্বপ্নালয়’ নামৰ শিশু গৃহটোৰ পৰা পিতৃ-মাতৃয়ে নিৰুদিষ্ট নিজ নিজ সন্তানক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷
উল্লেখ্য যে, জয়পুৰ কেন্দুগুৰি গাঁৱৰ সপ্তম শ্রেণীৰ ছাত্র ৰহন নন্দ (১২) আৰু জয়পুৰ ৯ নং বাগানৰ তৃতীয় শ্রেণীৰ ছাত্র ৰোহিত কুমাৰ (৮) নামৰ শিশু দুটাক যোৱা ২ চেপ্তেম্বৰৰ নিশা শিৱসাগৰৰ ‘নৱ উদিত সমাজ’ নামৰ এটা এন জি অ’ই জিলাখনৰ নামতি আলি ৰেল ষ্টেচনত উদ্ধাৰ কৰে।