কোকৰাঝাৰঃ সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বিটিচি নাথ যোগী ছাত্ৰ সন্থাৰ সহযোগত ৰাজ্যত বসৱাস কৰা নাথ যোগী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আজি দিচপুৰ লাষ্ট গেটত দুইঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী গ্ৰহন কৰা হয়।
আজি পুৱা ১১ বজাৰ পৰা ১ বজালৈ দিছপুৰ লাষ্ট গেটত অনুষ্ঠিত হোৱা ধৰ্ণা কাৰ্যসূচীত বিটিএডিৰ চাৰিওখন জিলাৰ পৰা কেবাশতাধিক সন্থাৰ সদস্যই ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহন কৰি বিভিন্ন শ্লোগানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে । সন্থাৰ কেবাশতাধিক সদস্যই হাতে হাতে প্লে-কাৰ্ড লৈ ন’ এচ টি ন’ ৰেষ্ট , জনজাতিকৰণ আমাক লাগিবই, আমাৰ দাবী নাৰ্য দাবী আদি ইত্যাদি শ্লোগানেৰে আকাশ বতাহ মুখৰিত কৰাৰ পিছত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থা আৰু নাথ যোগী জনজাতি আৰু স্বায়ত্বশাসিত দাবী পৰিষদ সমিতিয়ে যৌথভাৱে মুখ্যমন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে।