মোৰাঝাৰঃ হোজাই মহাবিদ্যালয়ত সংঘটিত হ’ল এক ভয়ংকৰ কাণ্ড৷ আজি মহাবিদ্যালয়খনৰ দুজন ছাত্ৰৰ বিৰুদ্ধে যৌন অতিশয্যা চলোৱাৰ অভিযোগ উত্থাপন কৰে মহাবিদ্যালয়খনৰে এগৰাকী ছাত্ৰীয়ে৷ মহাবিদ্যালয় খনৰে আনচাৰ আৰু উবেদুল্লা নামৰ ছাত্ৰ দুজনৰ বিৰুদ্ধে যৌন বাসনা পুৰুষাৰ্থ কৰাৰ চেষ্টা কৰিছিল বুলি ছাত্ৰীগৰাকীয়ে মহাবিদ্যালয়ৰ অধ্যক্ষক ওচৰত অভিযোগ কৰে৷
কিন্তু সমগ্ৰ ঘটা জানি বুজিও অভিযুক্তৰ লগত মিমাংসা কৰিবলৈহে অধ্যক্ষই ভুক্তভুগী ছাত্ৰী গৰাকীক যোৰ দিয়ে৷ আনহাতে অভিযুক্ত দুই ছাত্ৰই ভুক্তভুগী ছাত্ৰী আৰু সতীৰ্থক প্ৰহাৰ কৰাৰো অভিযোগ কৰে মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে৷