63
চতিয়াঃ এখন জিলা ঘোষণাৰ দাবীত সকলোৱে হিল-দল ভাঙি ওলাই আহিছিল। ধৰ্ণা, অৱস্থান, বন্ধ আদিৰে চৰকাৰক ব্যতিব্যস্ত কৰি তুলিছিল ৰাইজে।
লঘোণে-ভোকে, পিঠি পোৰা ৰ’দত প্ৰতিবাদ কৰাৰ অন্তত ৰাজ্য চৰকাৰে এদিন জিলা ঘোষণা কৰিবলৈ বাধ্য হৈছিল। অৱশেষত ২০১৫ চনৰ ১৫ আগষ্টত বছৰ বছৰ ধৰি কৰা আন্দোলনৰ অন্তত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিশ্বনাথ মহকুমাক জিলা হিচাপে ঘোষণা কৰে।