নলবাৰীঃ ক্ষুদ্ৰ আলোচনী একোখনে একোটা অঞ্চলক প্ৰতিনিধিত্ব কৰে। জেপ আলোচনী ‘গজালি’ নলবাৰী অঞ্চলক প্ৰতিনিধিত্ব কৰি আহিছে। আজি ৫৭ টা সংখ্যা নিৰবিচ্ছিন্নভাৱে প্ৰকাশ কৰি থকাটো সাহিত্য আলোচনীৰ বাবে উল্লেখযোগ্য খবৰ। এই মন্তব্য কবি ডাঃ ৰাতুল দাসৰ।
দেওবাৰে নিশা নলবাৰীৰ বগলচ ৰোড চ’কৰ অৰবিন্দ হেলথ ইনফৰমেচন চেণ্টাৰত অনুষ্ঠিত এক অনুষ্ঠানত জেপ আলোচনী ‘গজালি’ৰ বিশেষ শাৰদীয় সংখ্যা উন্মোচন কৰি কবি ডাঃ দাসে এনেদৰে কয়। বিশিষ্ট কবি কমল কুমাৰ জৈনৰ সঞ্চালনাত অনুষ্ঠিত হোৱা অনুষ্ঠানটো উদ্বোধন কৰে কবি-নিবন্ধকাৰ পুলকেশ ৰায় বৰুৱাই।