বিশ্বনাথ চাৰিআলিঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অষ্টাদশ দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনত বিশ্বনাথ জিলা সমিতিৰ পৰা প্ৰতিনিধিত্ব কৰি কেন্দ্ৰীয় যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত হোৱা জিতু শৰ্মাক আজি বিশ্বনাথ জিলা সমিতি আৰু আঞ্চলিক সমিতিয়ে বিপুল আদৰণি জনায় সম্বৰ্ধনা জ্ঞাপন কৰে।
বিশ্বনাথ জিলা সমিতিৰ সাধাৰণ সম্পাদক অমৰ জ্যোতি বৰা আৰু আঞ্চলিক সমিতিৰ সভাপতি ঈশান প্ৰতিম শইকীয়াই আঁত ধৰা অনুষ্ঠানত কেইবাগৰাকীও জিলা আৰু আঞ্চলিক পৰ্যায়ৰ বিষয়ববীয়াই শৰ্মাক ডাঙৰীয়াক উদ্দেশ্যি শুভেচ্ছা মূলক বক্তব্য আগবঢ়ায়। জিতু শৰ্মাই নিজৰ ভাষণত যুৱ-ছাত্ৰ পৰিষদে লব লগা ভৱিষ্যত কাৰ্যপন্থা সম্বন্ধে বিষদ ভাৱে সতীৰ্থ সকলক অৱগত কৰে৷