গুৱাহাটীঃ বছৰ বছ ধৰি ৰাজ্যখনৰ ৬ জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে৷ বন্ধ, ধৰ্ণা, অৱৰোধেৰে উত্তাল হৈ আছে ৰাজ্য৷ কেৱল অসমতে নহয় দিল্লীতো প্ৰতিবাদ সাব্যস্ত কৰিছে জনগোষ্ঠীকেইটাই৷ ২০১৪ বৰ্ষত লোকসভা নিৰ্বাচনত বিজেপি দলে জনগোষ্ঠীকেইটাক চৰকাৰ গঠন কৰিবলৈ সক্ষম হলে জনজাতিকৰণ কৰাৰ আশ্বাস দিছিল৷
বিজেপিয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ ৪ বছৰ পাৰ হ’বৰ হ’ল যদিও আজিলৈ ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰা ন’হল৷ বিভিন্ন কাৰণ দৰ্শাই জনগোষ্ঠীকেইটাক আভুৱা ভাৰে জনজাতিকৰণৰ দাবীত সংগ্ৰাম কৰি থকা দল-সংগঠনক৷ কোঁচ-ৰাজবংশী, মৰাণ, মটক, চুতীয়া, চাহ-জনগোষ্ঠী আৰু আহোম জনগোষ্ঠীকেইটা ক্ষোভিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে।