হোজাইঃ ৯৮তম অসম প্ৰদেশিক যোগী সন্মিলন অহা অক্টোবৰ মাহৰ ২৮ আৰু ২৯ তাৰিখে দুদিনীয়া কার্যসূচীয়ে হোজাইত অনুষ্ঠিত হ’ব। দেওবাৰে হোজাই যোগীজান খণ্ড উন্নয়ন কাৰ্য্যালয়ৰ সভাগৃহত সভাপতি নিতাই দেৱ নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কাৰ্যবাহী সভাত এই কথা সদৰি কৰা হয়৷
উক্ত সভাত হোজাই জিলাৰ জিলাপৰ্য্যায় প্ৰতিনিধি সকলৰ লগতে জিলাখনৰ মুঠ ৯ টা আঞ্চলিক সমিতিৰ প্ৰতিনিধি সকল উপস্থিত থাকে৷ ইয়াৰ উপৰিও ৰাজ্যিক ভিত্তিৰ প্ৰদেশিক যোগী সন্মিলনীৰ সভাপতি ডঃ অৰুণ কুমাৰ বৰা, প্ৰদেশিক যোগী সন্মিলনীৰ সাধাৰণ সম্পাদক ধীৰেন নাথ, নাথ যোগী জাতীয় পৰিষদৰ সভাপতি কিৰ্তী নাথ, প্ৰাদেশিক যোগী সন্মিলনীৰ উপ সভাপতি উদয় চন্দ্ৰ নাথ আৰু নাথ যোগী জনজাতি আৰু স্বায়ত্ব দাবী পৰিষদৰ সভাপতি ডম্বৰুধৰ নাথৰ লগতে নাথ যোগী ছাত্ৰ পৰিষদৰ সভাপতি লক্ষণ নাথ উপস্থিত থাকে।