মৰাণঃ উজনি অসমৰ মৰাণত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সমাৱেশ অনুষ্ঠিত কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰে৷ ৰাজ্য চৰকাৰক সমালোচনা কৰি চৰকাৰখনে জনবিৰোধী নীতিৰ আশ্ৰয় লোৱা বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৱে৷ কেইবাটাও দাবীৰ সমৰ্থনত কৃষক সংগঠনটোৰ আহ্বানত পুৱাৰে পৰা ডিব্ৰুগড় জিলাৰ মৰাণৰ বামুণবাৰীত কেইবাসহস্ৰাধিক লোক সমবেত হয়৷
নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰা, ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা হিন্দু-মুছলমান সকলো বিদেশীক বহিষ্কাৰ কৰা দাবীত অনুষ্ঠিত সমাৱেশত বক্তাসকলে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে৷ সমাৱেশত উপস্থিত থাকি কৃষক নেতা অখিল গগৈয়ে অসমবাসীয়ে অচিৰেই এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী বিচাৰে বুলি কয়৷ গগৈয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ জৰিয়তে স্বদেশী-বিদেশী চিনাক্তকৰণ কৰি বহিস্কাৰ কৰিব লাগিব বুলি হুংকাৰ দিয়ে৷