গুৱাহাটীঃ প্ৰখ্যাত আমেৰিকান মটৰচাইকেল নিৰ্মাণকাৰী প্ৰতিষ্ঠান ইউ এম ইন্টাৰনেশ্যনেল এল এল চিৰ ভাৰতীয় শাখা ইউ এম লোহিয়া টু হুইলাৰ্ছে লোহিয়াৰ অ’টোৰ সৈতে আজি সমগ্ৰ দেশৰ লগতে গুৱাহাটীতো মুকলি কৰে দুখন অত্যাধুনিক প্ৰযুক্তি সম্বলিত বিলাসী মটৰচাইকেল৷
ৰেনেগেড় কামাণ্ডো ক্লাচিক আৰু ৰেনেগেড় কামাণ্ডো মোজাভে নামৰ এই মটৰচাইকেল দুখনত আছে লিকুইড ক’ল্ড, একক চিলিণ্ডাৰ, ৪ টা ষ্ট্ৰোক, ৪ টা ভাল্ভ আৰু স্পাৰ্ক ইগনিশ্যন৷ যিয়ে ইয়াক প্ৰকৃতাৰ্থত সৰ্বগুণসম্পন্ন আৰু শক্তিশালী হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছে৷