নগাঁওঃ আজি ৰাজ্যজুৰি শ্ৰী কৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয়৷ ৰাজ্যৰ নামঘৰত নাম প্ৰসঙ্গ কৰি শ্ৰী কৃষ্ণৰ জন্মাষ্টমী পালন কৰা দেখা যায়৷ উজনি-নামণি সকলোতে শিৰীকৃষ্ণৰ বন্দনাত বিভোৰ হৈ পৰে সকলো৷ নলবাৰী, ৰঙিয়া, দৰং, গুৱাহাটী, তেজপুৰ, বটদ্ৰৱা, দেওমৰনৈ আদি ঠাইত উলাহ-মালহেৰে শ্ৰী কৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয়৷
জনসমুদ্ৰত পৰিণত হ’ল নগাঁও জিলাৰ ৰাইদঙীয়াৰ ঐতিহাসিক কৰচুং সত্ৰৰ কলিয়া গোঁসাই থান৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দি থৈ যোৱা সাংস্কৃতিক অৱদান তথা আদৰ্শক সাৰোগত কৰি বৃহত্তৰ ৰাইদঙীয়াৰ কৰচুং সত্ৰবাসী ৰাইজে অসমীয়া কলা-কৃষ্টি-সাহিত্য-সংস্কৃতি প্ৰসাৰৰ উদ্দেশ্যৰে কেইবা দশক আগৰে পৰা পৰম্পৰাগতভাবে পালন কৰি অহা এই জন্মাষ্টমী উৎসৱত সমবেত হোৱা হাজাৰ হাজাৰ ধৰ্মানুৰাগী লোকে থান প্ৰাংগণত উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি কৰে৷